NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিত যান্ত্ৰিক দুৰ্ঘটনাত সোঁহাতখনেই হেৰুৱালে কাম কৰি খোৱা সুভাষ দাসে

Posted by: মৃদুল প্ৰীতম ডেকা December 7, 2018 7:18 pm
Subhas Das

বস্ত্ৰনগৰী শুৱালকুছিত আজি এটা ভয়ংকৰ দুৰ্ঘটনাত এজন যুৱকৰ সোঁহাতখন ছিগি ছিটিকি পৰে। যুৱকজন শুৱালকুছিৰ নুডলছ (চাওমিন) উৎপাদন কৰা এটা ক্ষুদ্ৰ উদ্যোগৰ কৰ্মচাৰী। কৰ্মচাৰীজনৰ নাম সুভাষ দাস আৰু তেওঁৰ ঘৰ ছিপাঝাৰত। বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উদ্যোগটোৰ স্বত্বাধিকাৰীয়ে জনোৱামতে, আজি উদ্যোগটোত কাম কৰি থকা অৱস্থাতে ইয়াৰ পানী হীটাৰটো প্ৰচণ্ড জোৰেৰে বিস্ফোৰিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে কৰ্মচাৰীজনৰ হাতখন লগে লগে শৰীৰৰ পৰা ছিগি দূৰত ছিটিকি পৰে। মুহূৰ্ততে তেজেৰে তুমুৰলি হৈ পৰে যুৱকজনৰ শৰীৰ।

আনহাতে বিস্ফোৰণটোৰ ফলত ঘৰটোৰ মূধচৰ টিনপাটো উৰি যায়। এই বিষম ধৰণৰ যান্ত্ৰিক বিজুতিজনিত ঘটনাটোত অঞ্চলটোত এতিয়াও চাঞ্চল্য অব্যাহত আছে।

এজন যুৱকে কাম কৰিবলৈ আহি তেওঁৰ সোঁহাতখনেই এইদৰে চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিছে স্থানীয় লোকে।