NORTHEAST NOW (Assamese)
অসম

’অগ্নিপথ’ আন্দোলনঃ আৰক্ষীৰ গুলীত নিহত দামোদৰ ৰাকেশৰ পৰিয়াললৈ ২৫ লাখ টকাৰ সাহায্য ঘোষণা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 18, 2022 8:26 pm

দেশত এতিয়া প্ৰতিবাদৰ জুই জ্বলিছে৷ অগ্নিপথ আঁচনিৰ জৰিয়তে চাৰি বছৰৰ বাবে নিৱনুৱা যুৱকক ভাৰতীয় সেনাত মকৰল কৰিব বিচৰা কথাকলৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ বিহাৰকে ধৰি দেশৰ একাধিক ৰাজ্যত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে চৰকাৰী তথা বেচৰকাৰী বাহন , ৰে’ল আদি৷

তেলেংগানাৰ যুৱক দামোদৰ ৰাকেশে ভাৰতীয় সেনাৰ শাৰীৰিক পৰীক্ষাত কেতিয়াবাই উত্তীৰ্ণ হৈছিল যদিও কোভিডৰ দোহাই দি লিখিত পৰীক্ষা বাতিল কৰা হৈছিল৷ সেইবাবেই ৰাকেশেও যোগ দিছিল প্ৰতিবাদত৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে আৰক্ষীৰ গুলীত তেওঁ নিহত হয়৷

শুকুৰবাৰে তেলেংগানাৰ চেকেন্দ্ৰাবাদত হোৱা প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে গুলী চলাইছিল। গুলীচালনাত নিহত হয় ২১ বছৰীয়া দামোদৰ ৰাকেশ।

তেলেংগানাৰ ৱাৰাংগলৰ দাবিৰপেট গাঁৱৰ বাসিন্দা ৰাকেশে দীৰ্ঘদিন ধৰি সেনাত যোগদানৰ বাবে প্ৰস্তুতি চলাই আছিল।
ৰাকেশৰ বায়েকে সীমান্ত সুৰক্ষা বাহিনীত চাকৰি কৰি আছে।

ৰাকেশেও ভগ্নীৰ দৰেই দেশৰ সেৱা কৰাৰ কথা ভাবিছিল৷

ইপিনে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে নিহত ৰাকেশৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে ৰাকেশৰ পৰিয়ালক ২৫ লাখ টকাৰ সাহায্য আৰু পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছে।