NORTHEAST NOW (Assamese)
দেশ

অগ্নিপথ বিতৰ্ক: যন্তৰ মন্তৰত আজি সত্যাগ্ৰহ কংগ্ৰেছৰ, সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2022 3:40 pm
Agnipath Protest

দেশত অব্যাহত আছে অগ্নিপথ বিৰোধী আন্দোলন। অগ্নিপথ আঁচনিৰ বাতিলৰ দাবীত আজি আহ্বান কৰা হৈছে ভাৰত বন্ধৰ। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে যদিও কিছু স্থানত চেগা-চোৰোগাকৈ বন্ধৰ প্ৰভাৱ পৰিছে।

অগ্নিপথ বিৰোধী এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদী যুৱ প্ৰজন্মলৈ সমৰ্থন আগবঢ়াই আজি কংগ্ৰেছে যন্তৰ মন্তৰত সত্যাগ্ৰহত ভাগ ল’ব বুলি প্ৰকাশ কৰিছিল দলটোৰ সাধাৰণ সম্পাদক অজয় মাকনে।  ইতিমধ্যে দলৰ জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে, ছলমান খুৰ্ছীদ, কে সুৰেশ, নাৰায়ণস্বামীসহ কেইবাগৰাকীও সাংসদ তথা নেতাই সত্যাগ্ৰহত ভাগ লৈছে।

সত্যাগ্ৰহৰ পিছতে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি কংগ্ৰেছে ‘অগ্নিপথ’ নিযুক্তি আঁচনি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাব বুলিও মাকেনে জানিবলৈ দিছে।

মাকেনে লগতে কয় যে এই আঁচনিখন প্ৰথমে যুৱ আৰু সংসদত আলোচনা কৰা উচিত। কিন্তু তাৰ পূৰ্বে অগ্নিপথ প্ৰত্যাহাৰ কৰা উচিত বুলি তেওঁ দাবী কৰে।

কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বিপৰীতে ভাৰতীয় যুৱ কংগ্ৰেছে আজি দিল্লীৰ শিৱাজী ব্ৰীজ ৰে’লৱে ষ্টেচনত ‘অগ্নিপথ’ বাতিলৰ দাবীত এখন ৰেল অৱৰোধ কৰে।

অৱশ্যে সেনা আৰু আৰক্ষীয়ে কিছুসময় পিছতে ট্ৰেকটো মুকলি কৰে আৰু প্ৰায় আধা ঘণ্টাৰ পিছত ৰেল চলাচল পুনৰ আৰম্ভ হয়। প্ৰতিবাদত ভাগ লোৱা কেইবাজনো কৰ্মীক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘অগ্নিপথ’ আঁচনিক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

বিজেপিয়ে অগ্নিপথ নামৰ এই প্ৰতিৰক্ষা নিযুক্তি কাৰ্যসূচীৰ জৰিয়তে নিজৰ সশস্ত্ৰ কেডাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলি এক বিস্ফোৰক অভিযোগ কৰিছে বেনাৰ্জীয়ে।

“বিজেপিয়ে এই আঁচনিৰ জৰিয়তে নিজৰ সশস্ত্ৰ কেডাৰৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। চাৰি বছৰৰ পিছত তেওঁলোকে কি কৰিব? দলটোৱে যুৱসকলৰ হাতত অস্ত্ৰ দিব বিচাৰে।”- বিধানসভাত মমতা বেনাৰ্জীয়ে কয়।