NORTHEAST NOW (Assamese)
অসম

অহা বছৰ স্বাস্থ্য বিভাগতো গুণোৎসৱ হ’ব বুলি ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 10:21 am
himanta

শৈক্ষিক বাতাৱৰণ আৰু শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ লক্ষ্যৰে শিক্ষা বিভাগে গুণোৎসৱৰ কাৰ্যসূচী লৈছিল। ঠিক তেনেদৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যুগান্তকাৰী পৰিবৰ্তনৰ মানসেৰে স্বাস্থ্য বিভাগতো গুণোৎসৱৰ আয়োজন কৰিব বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। কালি ১০৮ মৃত্যুঞ্জয় সেৱাৰ অধীনত নতুনকৈ ৯৫ খন এম্বুলেঞ্চ মুকলি কৰি এই বিষয়টো ৰাজহুৱা কৰে স্বাস্থ্য মন্ত্ৰী জনে। বহু এম পি ডব্লিউৱে সাংবাদিকতা, ব্যৱসায় আদি কৰি থকা প্ৰমাণ তেওঁৰ হাতত মজুত আছে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক সকলে কামত ফাঁকি দি অহাৰো অভিযোগ তোলে মন্ত্ৰীগৰাকীয়ে। কামত ভেঙুচালি কৰা এম পি ডব্লিউ সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে যুটীয়া সঞ্চালক সকলক নিৰ্দেশ দিয়ে। ৰাজ্যত ১৫০০-২০০০ হেলথ- এডুকেটৰে ক’তো সভা সমিতি নকৰা তথা স্বাস্থ্য কেন্দ্ৰলৈ নোযোৱাৰ ফলত স্বাস্থ্য বিভাগৰ এনে দুৰ্দশা হৈছে। এই সমূহ কাৰণতেই অহা বছৰ স্বাস্থ্য বিভাগত গুণোৎসৱৰ আয়োজন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জনায়। মুঠ চাৰি হাজাৰ ব্যক্তিক প্ৰশিক্ষণ দি স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শনৰ বাবে পঠিয়াব বুলি কয়। এই বিষয়ে আগতীয়াকৈ স্বাস্থ্য কেন্দ্ৰ সমূহক জনোৱা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে । ইপিনে ৰাজ্যখনৰ এম পি ডব্লিউ আৰু শিক্ষকে নিজৰ কৰ্তব্যত ফাঁকি দি সাংবাদিকতাত জড়িত হোৱা বিষয়টোত ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰাটোক আদৰণি জনাইছে আপকুৱে।