NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ চহৰত দিন দুপৰতে চোৰৰ উপদ্ৰৱ, দুজনক আটক

Posted by: ৰিনয় বসুমতাৰী April 18, 2018 9:05 pm

বি টি এ ডিৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ বিভিন্ন লোকৰ ঘৰত দিন দুপৰতে চোৰে লুটপাট চলাই অহাৰ সময়তে কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল দুজকৈ গভাইত চোৰ।

উল্লেখযোগ্য যে আজি কিছুদিনৰ পৰা চহৰখনৰ বিভিন্ন লোকৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহৎ পৰিমানৰ সোণৰ আ-অলংকাৰ লুটি চোৰে উপদ্ৰৱ চলাই আহিছে।

কালিও ৮ নং ৱাৰ্ডৰ হাদানপাৰাতো চোৰৰ এট দুজনীয়া দলে দিন দুপৰতে সোণৰ আ-অলংকাৰ লুটিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে স্থানীয় লোকে হাতে লোতে ধৰা পেলাই আৰক্ষীক গটাই দিয়ে। আনহাতে আৰক্ষীক চমজাই দিয়াৰ আগতে উপস্থিত লোকে মাৰধৰ কৰাত চোৰ দুজন আঘাটপ্ৰাপ্ত হ’বলগীয়া হয়।

ধৃত চোৰ দুজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ, দুখন বাইক আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চোৰৰ দলে কালি হাদানপাৰাৰ ছান্টেশ্বৰ বসুমতাৰী ,অমিয় ব্ৰহ্ম আৰু ফুলমণি বসুমতাৰীৰ ঘৰত লুট পাট কৰিছিল।

ইতিমধ্যে দৃত চোৰ দুজনৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে ১৬২/১৮ গোচৰ পঞ্জীয়ন কৰি জেৰা চলাই আছে বুলি জানিবলৈ দিয়ে। অৱশ্যে তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে চোৰ দুজনৰ নাম প্ৰকাশ কৰা নাই।