NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ফাৰ্মাচীত CC TV ত বন্দী চিনেমাৰ কায়দাৰে কৰা ডকাইতি কাণ্ড

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 19, 2020 2:16 pm

মহানগৰীৰ লতাশিল থানাৰ নিচেই কাষৰ জননী মেডিকোজ ফাৰ্মাচীত দিন দুপৰতে এক ডকাইতি সংঘটিত হৈছে।

কালি বিয়লিভাগত উজান বজাৰৰ পাপু দাস নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে চোকা অস্ত্ৰ দেখুৱাই ফাৰ্মাচী খনৰ পৰা লুটি নিলে নগদ ধন।

শনিবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হৈছে এই ঘটনা।

অৱশ্যে, ফাৰ্মাচীখনৰ CCTVত আবদ্ধ হৈ ৰয় ডকাইতিৰ দৃশ্য।

এই ঘটনাৰ পিছতে লতাশিল থানাত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী অৰুণ বৈশ্যই এক গোচৰ ৰুজু কৰে।

ইপিনে, শনিবাৰে নিশাৰ ভাগতে ড্ৰাগছ আসক্ত পিংকুক আটক কৰে লতাশিল আৰক্ষীয়ে।