NORTHEAST NOW (Assamese)
অসম

দিল্লীত কেইবাজনো কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 10:33 am
index

অসম চৰকাৰৰ জল সম্পদ আৰু বিজ্ঞান ও প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নতুন দিল্লীত কেইবাজনে কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন প্ৰকল্প ৰূপায়নৰ দিশত আলোচনাত মিলিত হয়।

মহন্তই কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীক সাক্ষাৎ কৰি এই শিতানত বাকী থকা ধন মুকলি কৰি দিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অহা মাৰ্চ মাহৰ ভিতৰত বাকী থকা ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি সংবাদ মাধ্যমক মহন্তই জানিবলৈ দিয়ে।

অসমৰ প্ৰত্নতত্ব সম্পদ সমূহ সংৰক্ষণ আৰু গুৱাহাটীত বিজ্ঞান মহানগৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰিবলৈ মন্ত্ৰী মহন্ত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী প্ৰভাত পেটেলৰ সৈতে আলোচনাত মিলিত হয়। অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে অসমৰ প্ৰত্নতত্ব সম্পদ সমূহ অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰীয় মহাকাশ পৰিক্ৰমা মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি উত্তৰ গুৱাহাটীত প্ৰস্তাৱিত ISRO কেন্দ্ৰতো শীঘ্ৰেই মুকলি কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে ইয়াৰ বাবে ১৫ বিঘা মাটি লোৱাৰ কথাও মন্ত্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্রীগৰাকীক অৱগত কৰে।

ইয়াৰ আগেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰাৰম্ভিক পৰ্যায়ত কেন্দ্রতো মুকলি কৰাৰ দিশত সকলো প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হৈছে বুলি মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে।