NORTHEAST NOW (Assamese)
অসম

Missing Boy Returns: ১১ দিন খোজকাঢ়ি বিশ্বনাথ পালেহি বৰগাঙৰ শিশু; গৰুচুৰি চক্ৰই বিক্ৰী কৰিছিল শিশুটিক!

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ June 23, 2022 2:22 pm

বিশ্বনাথৰ বিহালীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী ১৪ বছৰীয়া শিশু ১১ দিন ধৰি খোজকাঢ়ি বিশ্বনাথত উপস্থিত হৈ এক বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে। ৰাজ্যত গৰু চুৰি চক্ৰই শিশু সৰবৰাহ কৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে যোৱা ১১ জুন তাৰিখে বিশ্বনাথৰ বিহালী সমষ্টিৰ বাৰগাং চাহ বাগিচাৰ এগৰাকী ১৪ বছৰীয়া যুৱকে নিজ পিতৃৰ সৈতে নিজৰ ঘৰৰ গৰু বিচাৰি পুৱা ছয় মান বজাত ওলাই আহিছিল।

কিন্তু হঠাৎ শিশু গৰাকীৰ পিতৃৰ কিবা কাম থকাৰ বাবে নিজ পুত্ৰক গৰু বিচাৰিব দি পিতৃ উভতি আহে নিজ গৃহলৈ। তাৰ পিছৰে পৰা শিশু গৰাকী নিৰুদ্দেশ হৈ পৰে।

লগতে পঢ়ক: Summer vacation বানৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বিদ্যালয়ৰ গৰমৰ বন্ধ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

পিতৃ মাতৃয়ে শিশু গৰাকীৰ সন্ধান বিচাৰি বিভিন্ন স্থানত খৱৰ কৰে যদিও শিশুগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত বিশ্বনাথ জিলা ভূঞা সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাই শিশু গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত বিহালী থনাৰ অন্তৰ্গত বৰগাং আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল।

কিন্তু আৰক্ষীও শিশু গৰাকীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল।কিন্তু আজি হঠাৎ নিৰুদ্দেশ হোৱা শিশুটি আহি উপস্থিত হয় বিশ্বনাথত। শিশুটি বিশ্বনাথত উপস্থিত হোৱাৰ লগে লগে শিশুটিয়ে প্ৰদান কৰা এক বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া স্থানীয় সকলো লোকক চিন্তিত কৰি তুলিছে।

শিশুটি হেনো ভোকে পিয়াহে ১১ দিন খোজকাঢ়ি খোজকাঢ়ি আজি উপস্থিত হৈছে বিশ্বনাথত। কেবল সিমানেই নহয়, শিশুটিকহেনো যোৱা ১১ জুন তাৰিখে নিজৰ গৰু বিচাৰি থকা সময়তে কোনো গৰু চোৰ চক্ৰই অস্ত্ৰ দেখুয়াই চুৰি গৰ ভৰ্তি গাড়ী এখনত বহুৱাই লৈ গৈছিল কোনো অজ্ঞাত স্থানলৈ। তাৰ পিছতে মইচিং নামৰ কোনো স্থানত গৰুচোৰ চক্ৰই শিশুটিক বিক্ৰী কৰি দিছিল। কিন্তু শিশুটিয়ে হেনো সেই নিশাই ১২ মান বজাত সেই স্থানত সকলো লোক শুই থকা সময়ত পলায়ন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক:Lancet study কোভিডত আক্ৰান্ত ৪৬ শতাংশ শিশুৱে দুমাহলৈ দেখুৱাই থাকে কোভিডৰ লক্ষণঃ লেঞ্চেটৰ অধ্যয়ন

সেই পলায়ন কৰা দিনৰ পৰা সম্পূৰ্ণ এঘাৰ দিন শিশুটি খোজকাঢ়ি খোজকাঢ়ি বিশ্বনাথত উপস্থিত হবলৈ সক্ষম হৈছে। শিশুটি বিশ্বনাথৰ গলিয়াত আহি উপস্থিত হোৱাত স্থানীয় লোকে এই খবৰ প্ৰদান কৰে বিশ্বনাথ জিলা ভূঞা সমাজৰ এগৰাকী নেতাক। তাৰ পিছতে ভূঞা সমাজৰ নেতা গৰাকীয়ে শিশুটিৰ পিতৃ-মাতৃক এই খবৰ দিয়াৰ লগতে বৰগাং আৰক্ষী চকীতো খবৰটো প্ৰদান কৰে।

ইয়াৰ পিছতে বৰগাং আৰক্ষীৰ এটা দল বিশ্বনাথৰ গলিয়াত উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰি লৈ যায় বৰগাঙলৈ। শিশুটি সুস্থ শৰীৰে বিশ্বনাথত উপস্থিত হোৱাত সকলো আনন্দিত হৈছে যদিও শিশুটিৰ স্বীকাৰোক্তিয়ে সকলোকে চিন্তিত কৰি তুলিছে। গৰু চোৰ চক্ৰই এতিয়া যদি শিশু সৰবৰাহ কৰাৰ কামতো লিপ্ত হয়, নিশ্চিত বাবে এই কথা সকলো লোকৰ বাবে এক ডাঙৰ চিন্তনীয় বিষয়।