NORTHEAST NOW (Assamese)
অসম

মাজনিশা শিৱসাগৰৰ দিখৌ নদীত জাপ দিলে এগৰাকী স্বাস্থ্যকৰ্মীয়ে; অঞ্চলজুৰি চাঞ্চল্য

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 24, 2022 2:17 pm

মাজনিশা শিৱসাগৰৰ দিখৌ নদীত এগৰাকী স্বাস্থ্যকৰ্মীয়ে জাপ দিয়া ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্বাস্থ্যকৰ্মী গৰাকীৰ নাম শিখা শইকীয়া।

কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল শিখা শইকীয়া।

লগতে পঢ়ক: Free Food Scheme: বিঘ্নিত হ’ব দুখীয়াৰ কল্যাণ! বিনামূলীয়া খাদ্য আঁচনি সম্প্ৰসাৰণত বিত্ত মন্ত্ৰালয়ৰ সতৰ্কবাণী

নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

ইপিনে দিখৌৰ দলঙৰ পৰা উদ্ধাৰ কৰা হৈছে স্কুটি, হেলমেট আৰু মোবাইল।

শিখা শইকীয়াই শিৱসাগৰ চিভিল হস্পিতালৰ কলনিত বাস কৰিছিল।

একমাত্ৰ সন্তানৰ সৈতে বাস কৰিছিল শিখাই।

লগতে পঢ়ক:Maharashtra Political Crisis: বিদ্ৰোহী বিধায়কৰ উপাধ্যক্ষলৈ পত্ৰ; একনাথ সিন্দেক নেতা হিচাপে ঘোষণা ৩৭ জন বিধায়কৰ

শিখা শইকীয়াৰ কোঠাত উদ্ধাৰ হৈছে এটি চুইছাইড নোট।

আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।