NORTHEAST NOW (Assamese)
অসম

ভুৱা নিযুক্তিৰে ৰে’লত চাকৰি : বহিঃৰাজ্যৰ ৭ গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ April 19, 2018 8:21 am
Main Gate Rly Head quqrter, Maligaon

ৰে’ল বিভাগত সংঘটিত হোৱা ভুৱা নিযুক্তিৰ গোপন বেহাৰ এক ঘটনা পোহৰলৈ আহিছে। ভুৱা নিযুক্তিৰে ৰে’ল বিভাগত চাকৰি দিয়া এনে এক দালাল চক্ৰৰ কবলত পৰি চাকৰিত যোগদান কৰিবলৈ অহা সাত গৰাকী যুৱক-যুৱতীক মালিগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বুধবাৰে ভুৱা নিযুক্তিৰে চাকৰিত যোগদান কৰিবলৈ অহা সাতগৰাকী যুৱক-যুৱতীৰ আটাইকেইগৰাকীয়ে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অহা। বুধবাৰে দুপৰীয়া উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ চাকৰিত যোগদান কৰিবলৈ আহে পশ্চিমবংগৰ অৰ্পিতা দাস, গোপাল দাস, সুধীৰ কাস্কি, সঞ্জীৱ কুমাৰ দাস, কৌশিক কুমাৰ চক্ৰৱৰ্তী, দেগা পোদ্দাৰ আৰু ইন্দিৰা দাস নামৰ যুৱক-যুৱতীকেইগৰাকী।

ৰে’ল কৰ্তৃপক্ষই তেওঁলোকৰ নিযুক্তি পত্ৰকে ধৰি যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰি সন্দেহ ওপজাত তাৎক্ষণিকভাৱে গোপনে মালিগাওঁ আৰক্ষীক অৱগত কৰে। মালিগাওঁ আৰক্ষীৰ এটা দলে ততালিকে উত্তৰ-পূব সীমান্তৰ মুখ্য কাৰ্যালয়লৈ আহি যুৱক-যুৱতীকেইগৰাকীৰ যাৱতীয় নথি পত্ৰ সমূহ পৰীক্ষা কৰাৰ লগতে প্ৰতিগৰাকীকে সুকীয়াকৈ জেৰা কৰে।

প্ৰথমতে তেওঁলোকে কোনো কথা স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ নেৰানেপেৰা জেৰাত ভুৱা নিযুক্তিৰে তেওঁলোকে চাকৰিত যোগদান কৰিবলৈ অহা কথা স্বীকাৰ কৰে। আৰক্ষীয়ে ভুৱা নিযুক্তি পত্ৰৰ গোপন বোহা চলোৱা চক্ৰটোৰ লগতে আৰু অধিক তথ্যৰ সন্ধানত যুৱক-যুৱতীকেইগৰাকীৰ জেৰা অব্যাহত ৰাখিছে।

জালুকবাৰী আৰক্ষীয়ে ইতিপূৰ্বে এনে দালাল চক্ৰৰ মূল নায়ক অলক সেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে সঠিকভাৱে তদন্ত আগবঢ়ালে এনে ভুৱা নিযুক্তি আৰু দালাল চক্ৰ সম্পৰ্কত বিয়াগোম কেলেংকাৰী ফাদিল হোৱাৰ সম্ভাৱনা আছে।