NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বান পৰিস্থিতিকলৈ সৰৱ; ৰাজভৱনৰ সন্মুখত আম আদমী পাৰ্টীৰ মানৱ শৃংখল

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 25, 2022 1:23 pm

ৰাজভৱনৰ সন্মুখত আজি আম আদমী পাৰ্টীয়ে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

অসমৰ বানপানী সমস্যাকলৈ আপৰ এই মানৱ শৃংখল কাৰ্যসূচী আছিল।

কিন্তু মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ লওঁতেই আপৰ প্ৰতিবাদকাৰীসকলক আটক কৰে লতাশিল আৰক্ষীয়ে।

লগতে পঢ়ক: লখিমপুৰত ‘ত্ৰুটিপূৰ্ণ’ বিদ্যুতৰ লাইনৰ বাবে শ শ চৰাইৰ কৰুণ মৃত্যু

বানপানী সমস্যাকলৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানৰ বাবে আহিছিল আপৰ প্ৰতিবাদকাৰীসকল।

আৰক্ষীৰ মতে অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আটক কৰা হৈছে প্ৰতিবাদকাৰীসকলক।

প্ৰতিবাদৰ সময়চোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ প্ৰচণ্ড হতাহাতিৰো সৃষ্টি হয় ৷

লগতে পঢ়ক:Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

মহিলা আৰক্ষী অবিহনে অহা আৰক্ষীৰ দলটোৱে মহিলা প্ৰতিবাদকাৰী ওপৰত হাত দিয়াৰ অভিযোগ উঠিছে ৷ আৰক্ষী বিষয়া পল্লৱ তামুলীৰ বিৰুদ্ধে অনা হৈছে এই অভিযোগ। কিন্তু এই অভিযোগ অস্বীকাৰ কৰিছে পল্লৱ তামুলীয়ে।