NORTHEAST NOW (Assamese)
অসম

চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰ কঁপাব সহস্ৰাধিক SPO জোৱানে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 21, 2019 8:00 pm

অহা ২৫ ছেপ্টেম্বৰত পোনপটীয়াভাৱে নিযুক্তি দি চাকৰি নিয়মীয়াকৰণৰ দাবীত ১২১৪ গৰাকী SPO জোৱানে প্ৰতিবাদেৰে উত্তাল কৰিব দিচপুৰ লাষ্ট গেট।

আজি এখন সংবাদমেল সম্বোধন কৰি অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে এই কথা জনায়।

সংবাদমেলতে সংগঠনটোৰ সম্পাদক আব্দুৰ ৰচিদে কয়, ‘বুধবাৰে পুৱা ৮ বজাৰ পৰা SPO জোৱান সকলৰ দীৰ্ঘদিনীয়া দাবী সমস্যা সমাধানৰ কাৰণে দিচপুৰ লাষ্টগেটত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছো।‘

তদুপৰি ২০০৮ চনত ডিমা হাচাও আৰু ২০১২ চনত বি টি এডিত উগ্ৰপন্থী আৰু গোষ্ঠীগত সংঘৰ্ষত ১২১৪ গৰাকী SPO জোৱানক নিয়োগ কৰা হৈছিল বুলি তেওঁ সংবাদমেলত জনায়।

‘উক্ত অঞ্চলসমূহত শান্তি ঘূৰি অহাৰ পাছতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আমাক অতি কৌশলগতভাৱে কৰ্তব্যৰ পৰা বহিস্কাৰ কৰে।‘ ৰচিদৰ অভিযোগ।

তেওঁ আৰু কয়, ‘এজোৰ খাকী পোছাক পিন্ধি হাজাৰ হাজাৰ বিপদ বিঘিনি নেওচি সাহসী জোৱান হিচাপে কৰ্তব্য কৰি সেই ঠাইৰ ৰাইজৰ মাজলৈ শান্তি ঘূৰাই আনিছিলো। কিন্তু SPO জোৱানসকলৰহে শান্তি ঘূৰি নাহিল। এতিয়া আমি অন্ধকাৰসদৃশ জীৱন লৈ জীয়াই আছো।‘

২০১৭ চনৰ আগষ্টত আৰক্ষীৰ কনিষ্টবল পদৰ বাবে SPO জোৱানসকলৰ আবেদন গ্ৰহণ কৰা হৈছিল। কিন্তু সেইসকল জোৱানক নিযুক্তি দিয়াটো বাদেই, সেই পৰীক্ষাই অনুষ্ঠিত নকৰিলে বিভাগীয় কতৃপক্ষই। সংবাদমেলত এই অভিযোগ তোলে সংগঠনটোৰ সহকাৰী সম্পাদক নৰেশ্বৰ কুমাৰ নাথে।

নাথে কয় ‘আমাৰ পৰা কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছিল। আমি প্ৰত্যেকজন SPO জোৱানে ২৫০ টকাকৈ চালান কাটি চাকৰিৰ প-পত্ৰ পূৰণ কৰিছিলো। কিন্তু বৰ্তমানলৈকে সেই পৰীক্ষাই অনুষ্ঠিত নহ’ল। ‘

আগন্তুক অসম পুলিচ কনিষ্টবলত যি ৫৬৯৪ গৰাকী কনিষ্টবল ল’ব, তাৰ ভিতৰত ১২১৪ গৰাকী SPO জোৱানক পোনপটীয়াকৈ নিযুক্তি দিবৰ বাবে নাথে দাবী জনায়।