NORTHEAST NOW (Assamese)
Popular Stories

২২০০০ টকাৰ চালানত ৪০০ টকা দি হাত সাৰিব পাৰিব কেনেকৈ? ক’লে আৰক্ষী বিষয়াই নিজে

Posted by: এন ই নাও নিউজ September 21, 2019 7:27 pm

নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছত যান-বাহনৰ যিদৰে চালান কাটিবলৈ আৰম্ভ কৰিছে সেইটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বহু কেইবাৰ চালানৰ জৰিমনাৰ ধন ইমান বৃহৎ অংকৰ হৈ পৰিছে যে বাহনৰ মালিক উপায়বিহীন হৈ পৰিছে।

ইয়াৰ মাজতে এজন আৰক্ষী বিষয়াৰ এটা ফেচবুক ভিডিঅ’ ছচিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।

গাড়ী চলোৱাৰ সময়ত যদি আপোনাৰ লগত লাইচেঞ্চ নাথাকে তেন্তে নতুন যান বাহন আইন অনুসৰি আপুনি ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব। কিন্তু আৰক্ষী বিষয়াজনে ভিডিঅ’টোত ইয়াক কিদৰে মাত্ৰ ১০০ টকা জৰিমনা দিয়ে ইয়াৰ পৰা হাত সাৰিব পাৰিব সেই কথা উল্লেখ কৰিছে।

লগতে পঢ়ক – চালান আতংক! হেলমেট নিপিন্ধা দিল্লীৰ বাছ ড্ৰাইভাৰক ৫০০ টকাৰ জৰিমনা

আৰক্ষী বিষয়াজনে ভিডিঅ’টোত প্ৰথমে ‘লাইচেঞ্চ আৰু ইঞ্চুৰেন্স নহ’লে ৫০০০ টকা, প্ৰদুষণ প্ৰমাণ পত্ৰ নহ’লে ১০ হাজাৰ, ইঞ্চুৰেন্স নহ’লে ২০০০ টকা’ এনেদৰে কিহত কিমান জৰিমনা ভৰিব লাগিব সেই কথা উল্লেখ কৰে।

ইয়াৰ পিছতে আৰক্ষী বিষয়া গৰাকীয়ে উদাহৰণসহ আপুনি যদি গাড়ী চলোৱাৰ সময়ত গাড়ীৰ সকলো নথি-পত্ৰ ঘৰত এৰি আহে আৰু ট্ৰেফিক পুলিচে বৃহৎ পৰিমাণৰ চালান কাটে তেতিয়া কি দৰে মাত্ৰ ১০০ টকা জৰিমনা ভৰি হাত সাৰিব পাৰিব সেই কথা উল্লেখ কৰে।

আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, ‘আইন উলংঘাকাৰীৰ হাতত চালান কটাৰ পিছত জৰিমনা দিয়াৰ বাবে ১৫ দিনৰ সময় থাকে। আৰু এই ১৫ দিনৰ ভিতৰত যদি আপুনি কৰ্তৃপক্ষক আপোনাৰ সকলো নথি-পত্ৰ দেখুওৱাব পাৰে তেতিয়া আপুনি প্ৰতিটো নথিৰ বিনিময়ত মাত্ৰ ১০০ টকা জৰিমনা দিলে হ’ব।’

উদাহৰণস্বৰূপে আপোনাৰ গাড়ী চলোৱাৰ সময়ত লাইচেঞ্চ, ইঞ্চুৰেন্স, ৰেজিষ্ট্ৰেশ্যন প্ৰদুষণ প্ৰমাণ পত্ৰ নথকাৰ বাবে যান-বাহন নিয়ম অনুসৰি আপোনাৰ চালান কাটিব ২২ হাজাৰ টাকৰ। কিন্তু আপুনি যদি ১৫ দিনৰ ভিতৰত সকলো নথি-পত্ৰ কৰ্তৃপক্ষক দেখুওৱাব পাৰে তেতিয়া চাৰিটা নথিৰ বিনিময়ত ১০০, ১০০ টকাকৈ মাত্ৰ ৪০০ টকা দিলে হ’ব।

লগতে আৰক্ষী বিষয়াগৰাকীয়ে ভিডিঅ’টোত উল্লেখ কৰে যে, ‘এই প্ৰক্ৰিয়া বাইক চলোৱাৰ সময়ত হেলমেট নিপিন্ধা আৰু সুৰা পান কৰি বাহন চলোৱা সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।’