NORTHEAST NOW (Assamese)
Popular Stories

‘বুলুবুল কেন ছিং’ক পিছ পেলাই এইবাৰ অস্কাৰৰ দৌৰত ‘গল্লি বয়’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2019 7:10 pm
‘বুলুবুল কেন ছিং’ক পিছ পেলাই এইবাৰ অস্কাৰৰ দৌৰত ‘গল্লি বয়’

অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ক পিছ পেলাই এইবাৰ অস্কাৰৰ দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে মনোনীত হ’ল জোয়া আখটাৰ পৰিচালিত ছবি ‘গল্লি বয়’।

শনিবাৰে ছবিখনক ৯২ সংখ্যক একাডেমী এৱাৰ্ডছৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শিতানত ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি হিচাপে ঘোষণা কৰা হয়।

বলিউডৰ জনপ্ৰিয় অভিনেতা ৰনভিৰ সিং আৰু আলিয়া ভাটে মূল চৰিত্ৰত অভিনয় কৰা ছবিখনত ৰেপাৰ হ’ব খোজা মুম্বাইৰ এগৰাকী যুৱকৰ কাহিনী তুলি ধৰা হৈছে।

চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰিত ছবিখনে মুক্তি লাভ কৰিছিল।

উল্লেখযোগ্য যে এইবাৰ মুঠ ২৭খন ছবিৰ মাজৰ পৰা বিচাৰকে ‘গল্লি বয়’ক নিৰ্বাচন কৰে। মনোনয়ৰ দৌৰত থকা আন ছবিসমমূহৰ ভিতৰত অসমৰ ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ও আছিল।

যোৱাবাৰ অস্কাৰত ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যদিও ছবিখনে প্ৰতিযোগিতাৰ অস্কাৰৰ অন্তিম ৰাউণ্ড গৈ নাপালে।

আনহাতে তেওঁৰ ‘বুলবুল কেন ছিং’এ এতিয়ালৈকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ লগতে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ১৩টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।