NORTHEAST NOW (Assamese)
অসম

অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব : স্বাস্থ্যমন্ত্ৰী

Posted by: এন ই নাও নিউজ April 19, 2018 9:33 am
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

অতি সোনকালেই অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব। বুধবাৰে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ উদ্যোগত আৰম্ভ কৰা অটল ‘অমৃত অভিযান: নগদবিহীন ব্যৱস্থাৰ অধীনত চিকিৎসাসেৱাৰ সুবিধা’ আঁচনি মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।

‘’ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে সহযোগিতাৰে এই কেন্সাৰ হাস্পাতালসমূহ স্থাপন কৰিব,’’-স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনায়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত টাটা গ্ৰুপটোৱে ঘোষণা কৰিছিল যে ৰাজ্যখনৰ ১৫ খন জিলাত কেন্সাৰ সেৱা স্থাপন কৰিবলৈ তেওঁলোকে অসম চৰকাৰৰ সৈতে এখন চুক্তিত আৱদ্ধ হোৱাৰ প্ৰক্ৰিয়া চলি আছে।

ৰাজ্য চৰাকাৰেও জন্মগত আসোঁৱাহ সমূহত ভূগি থকা শিশুসমূহৰ চিকিৎসাৰ বাবে চিকিৎসা সাহায্য আগবঢ়োৱাৰ এখন নতুন আঁচনি ঘোষণা কৰিছে।

‘’ ৰাজ্যখনত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনৰ সূচনা কৰি অসম চৰকাৰে শীঘ্ৰেই সামৰ্থ আঁচনি মুকলি কৰিব।  ৰূপায়নৰ বাবে এইখন প্ৰায় সম্পূৰ্ণ প্ৰায় পৰ্যায়ত আছে,’’-স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা অৱস্থালৈ লক্ষ্য কৰি সচেতন মহলে আশংকা প্ৰকাশ কৰে যে আঁচনিসমূহ ঘোষণা কৰা বা আৰম্ভ কৰাতকৈয়ো সেইবোৰৰ সঠিক ৰূপায়নহে প্ৰধান লক্ষ্য হোৱা উচিত।

বিগত সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগত আমূল পৰিৱৰ্তনৰ দাবী কৰি অহা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানো ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ ৰাইজে ন্যুনতম চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ অহা দিশত মনোযোগ দিয়া উচিত বুলিও একাংশ সচেতন ব্যক্তিয়ে মত পোষণ কৰে।