NORTHEAST NOW (Assamese)
অসম

প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে আজিৰ পৰা খুলিব পাৰিব কিতাপৰ দোকান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 22, 2020 3:30 pm
108033383-bookshelf-zoom-1440

কামৰূপ মহানগৰীৰ কিতাপৰ দোকান সমূহ মুকলি কৰাৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনে আজি এক নিৰ্দেশনা জাৰি কৰে। কিতাপ দোকান সমূহে প্ৰশাসনৰ নীতি-নিৰ্দেশনা সমূহ মানি চলিব লাগিব নিৰ্দেশনাত কোৱা হৈছে।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত কোৱা হয় যে কিতাপৰ দোকান সমূহ কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে খোলাৰ লগতে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে।

কোনো অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰাৰ বাবে ব্যক্তিগত যান-বাহন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোৱাৰ লগতে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণ অনুজ্ঞাপত্ৰ ল’ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহয় বুলি জনায়।

ইয়াৰ উপৰি কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে সামাজিক দূৰত্ব মানি চলাৰ লগতে কৰ্মচাৰী সকলে মাস্কৰ ব্যৱহাৰ আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।

জিলা প্ৰশাসনে বান্ধি দিয়া সময় অনুসৰি পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈকেহে খুলিব পাৰিব কিতাপৰ দোকানসমূহ।

একেদৰে কিতাপৰ দোকানৰ কৰ্মচাৰী সকলে যান-বাহন লৈ আহিলে দেখাব লাগিব পৰিচয় পত্ৰ।