NORTHEAST NOW (Assamese)
অসম

সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ তৎপৰ কংগ্ৰেছী

Posted by: ইয়াছিন আলী December 17, 2018 3:52 pm
Anchalik Panchayat in Srijangram

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বঙাইগাওঁ জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ দলৰ টিকট লৈ নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য /সদস্যা সকলৰ লগতে নেতা কৰ্মীসকলে।

জানিব পৰা মতে, সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তখন  ১৩ গৰাকী সদস্যৰে গঠিত, ইয়াৰে কংগ্ৰেছ দলৰ ৭ গৰাকী, অগপৰ ৫ গৰাকী আৰু নিৰ্দ্দলীয়ৰ এগৰাকী। সেই হিচাপত কংগ্ৰেছে একক ভাবে গঠন কৰিব আঞ্চলিক পঞ্চায়ত। যোৱা তিনি দিনে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত পাৰিষদসকলে সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষৰ চকীত বহিবলৈ প্ৰতিগৰাকী পাৰিষদ, নেতা, পালিনেতাৰ ঘৰে ঘৰে তাঁত-বাটি কৰি ব্যাপক চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে প্ৰাক্তন পাৰিষদ নৰুল ইছলামৰ পত্নী মমতাজ খাতুন  নাম্বাৰপাৰা – চাকলা গাওঁ পঞ্চায়তত পৰা ৫১৬৬ টা ভোট লাভ কৰি বিপুল ভোটত নিৰ্বাচিত হোৱাৰ পিছত আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে। যদিও কংগ্ৰেছৰ ৭ গৰাকীকৈ পাৰিষদ আঞ্চলিক পঞ্চায়তৰৰ অধ্যক্ষৰ পদৰ দাবীদাৰ বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত স্থানীয় বিধায়ক আব্দুল হাই নাগৰীৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে। কংগ্ৰেছৰ এটা সূত্ৰই জানিব দিয়া মতে কোকিলা গাওঁ পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত জয়লাভ কৰা মন্তাজ আলী স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ উপৰিও বিধায়ক আব্দুল হাই নাগৰীৰ প্ৰিয় হোৱাৰ বাবে মন্তাজ আলীৰ নাম চৰ্চা লৈ আহিছে যদিওঁ ব্লক পৰ্য্যায়ৰ একাংশ নেতাৰ প্ৰথম পছন্দ গোলাপাৰা – বাংলাপাৰা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য নৰুল ইছলাম। ইছলাম এগৰাকী অপ্ৰাদেশীকৃত (ভেঞ্চাৰ শিক্ষক)।

নাম প্ৰকাশত অনিচ্ছুক  ব্লক পৰ্য্যায়ৰ কংগ্ৰেছী নেতাই উল্লেখ কৰা মতে নৰুল ইছলাম  এজন জেষ্ঠ্য কংগ্ৰেছী হোৱাৰ উপৰিও সহজ সৰল হোৱা বাবে কংগ্ৰেছী মহলত চৰ্চিত হৈছে। কোনে বহিব সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষৰ চকীখনত  সময়ত লক্ষ্যণীয় হ’ব।