NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2022 10:12 am
Vice presidential election India

অহা ১০ আগষ্টত ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব। দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৬ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ’ব। বুধবাৰে নিৰ্বাচন আয়োগে এই ঘোষণা কৰিছে। আয়োগৰ ঘোষণা অনুসৰি একেদিনাই নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ’ব।

ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সদস্য আৰু ১২ জন মনোনীত সদস্য তথা লোকসভাৰ ৫৪৩ জন নিৰ্বাচিত সদস্যই দেশৰ ১৬ তম উপ-ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচিত কৰিব।

নিৰ্বাচন আয়োগে ৫ জুলাইত নিৰ্বাচন আহ্বান কৰি এখন জাননী জাৰি কৰিব বুলি জানিবলৈ দিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৯ জুলাই ধাৰ্য কৰা হৈছে।

আনহাতে ২০ জুলাইত মনোনয়নৰ পৰীক্ষা কৰা হ’ব আৰু আবেদন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২২ জুলাই।

উল্লেখ্য যে ১৮ জুলাইত দেশত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ২১ জুলাইত ঘোষণা কৰা হ’ব।