NORTHEAST NOW (Assamese)
অসম

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ June 30, 2022 2:51 pm

AASU protest বিশ্বনাথত আছুৰ বিক্ষোভ কাৰ্যসূচীত বিশ্বনাথ আৰক্ষীয়ে বাধা প্ৰদান কৰে। আছুৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰী সকলে সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ত যোৱাৰ পথত বাধা প্ৰদান কৰে বিশ্বনাথ আৰক্ষীয়ে।

বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি স্থায়ী সমাধান কৰা আৰু বানাক্ৰান্তক পৰ্যাপ্ত সাহায্যৰ লগতে পুনৰ সংস্থাপনৰ দাবীত আছুৰ এই বিক্ষোভ কাৰ্যসূচী আছিল।

লগতে পঢ়ক: Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ফটো: নৰ্থইষ্ট নাও।

বিশ্বনাথ জিলা খনত বৰ্তমান ১৪৪ ধাৰা অব্যাহত থকাৰ বাবে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে বিশ্বনাথ আৰক্ষীয়ে ।

লগতে পঢ়ক: নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্লোগান দিয়া আছুৰ প্ৰতিবাদকাৰীৰ লগতে কেইবাটাও জাতীয় দল-সংগঠনেও সহযোগ কৰে।