NORTHEAST NOW (Assamese)
ক্ৰীড়া

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2022 3:47 pm
Jasprit Bumrah breaks Kapil Dev’s record

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এজবাষ্টন টেষ্টত অধিনায়কোচিত প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ ভাৰপ্ৰাপ্ত অধিনায়ক যশপ্ৰীত বুমৰাহে আন এক নতুন অভিলেখ স্থাপন কৰিছে। এই অভিলেখ স্থাপনৰ ক্ষেত্ৰত বুমৰাহে অতিক্ৰম কৰিছে কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱক।

চলিত টেষ্ট শৃংখলাটোত বুমৰাহে এইপৰ্যন্ত মুঠ ২৩ টা উইকেট দখল কৰিছে। এইদৰে ইংলেণ্ডৰ বিৰুদ্ধে এটা টেষ্ট শৃংখলাত সৰ্বাধিক সংখ্যক উইকেট লাভ কৰা ভাৰতীয় পেচ বলাৰ হিচাপে বিবেচিত হয় বুমৰাহ।

ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী কপিল দেৱে ১৯৮১-৮২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ২২ টা উইকেট দখল কৰিছিল। যোৱা ৪০ বছৰ ধৰি কপিল দেৱৰ নামতে এই অভিলেখ অক্ষত আছিল।

এজবাষ্টনত চলি থকা পঞ্চম টেষ্টৰ চতুৰ্থ দিনা বুমৰাহে অ’লি পপৰ উইকেট দখলৰ পাছতে কপিল দেৱৰ অভিলেখ অতিক্ৰম কৰে।

আনহাতে এই তালিকাত তৃতীয় স্থানত আছে ভুৱনেশ্বৰ কুমাৰ। ২০১৪ চনৰ ইংলেণ্ড ভ্ৰমণত ভুৱনেশ্বৰে ১৯ টা উইকেট দখল কৰিছিল।

তদুপৰি বুমৰাহে চেনা (SENA) দেশসমূহত (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) ১০০ টা উইকেট সম্পূৰ্ণ কৰাৰ লগে লগে আন এক মাইলষ্ট’ন স্পৰ্শ কৰে।

চেনা দেশসমূহত ১০০ টা উইকেট দখল কৰা ভাৰতীয় বলাৰৰ ক্ষেত্ৰত বুমৰাহ সামগ্ৰিকভাৱে ষষ্ঠ বলাৰ আৰু পঞ্চম গৰাকী পেচ বলাৰ হিচাপে পৰিগণিত হয়।

বুমৰাহৰ পূৰ্বে অনিল কুম্বলে (১৪১), ইশান্ত শৰ্মা (১৩০), জাহিৰ খান (১১৯), মহম্মদ ছামী (১১৯) আৰু কপিল দেৱ (১১৯)- এ এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্ব লাভ কৰা বুমৰাহ কপিল দেৱৰ পিছত ভাৰতক নেতৃত্ব দিয়া প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰ হিচাপে পৰিগণিত হৈছিল।