NORTHEAST NOW (Assamese)
অসম

পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2022 10:13 am
Assam Vineet Bagaria suicide

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ত পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে শুকুৰবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

বৈদুল্লা খান আৰু নিশান্ত শৰ্মা নামৰ লোক দুজনক পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ এটা দলে তেওঁলোকক লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰে। আনহাতে আন দুজন অভিযুক্ত সঞ্জয় শৰ্মা আৰু ইজাজ খান এতিয়াও পলাতক অৱস্থাত আছে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিনীত বাগাৰিয়াই ডিব্ৰুগড়ৰ শনি মন্দিৰ ৰোডত থকা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছিল। যুৱকজনৰ মৃত্যুৱে ডিব্ৰুগড় চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

শুকুৰবাৰে স্থানীয় লোকে ডিব্ৰুগড় আৰক্ষী থানাৰ সন্মুখত বাগাৰিয়াৰ আত্মহত্যাৰ আঁৰত থকা অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদকাৰী লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গোচৰটোৰ সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অবিযোগ তুলি থানাৰ দায়িত্বত থকা বিষয়াজনক নিলম্বনৰ দাবী জনাইছিল।

বিনীতৰ মৃতদেহৰ সৈতেও স্থানীয় ৰাইজে ডিব্ৰুগড়ৰ ৰাজপথত ন্যায়ৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছিল।

মৃত্যুৰ পূৰ্বে বিনীতে এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত বিনীতে বৈদুল্লা খান, সঞ্জয় শৰ্মা আৰু নিশান্ত শৰ্মাৰ বিৰুদ্ধে কিছু ভাড়াৰ সম্পত্তিৰ বাবে তেওঁক আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বিনীতৰ পিতৃ কৈলাশ কুমাৰ বাগাৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড় আৰক্ষী থানাত তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে দায়ী তিনিজন ব্যক্তিৰ নাম দি এখন এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে বিনীত এনিমেল ৱেলফেয়াৰ পিপল (এডব্লিউপি) নামৰ এক বেচৰকাৰী সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই সংস্থাটোৱে পথৰ কুকুৰৰ যত্নৰ দায়িত্ব লৈছিল। জীৱ-জন্তুৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে বিনীত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

সূত্ৰ অনুসৰি যোৱা কেইবাবছৰ ধৰি বিনীতৰ পৰিয়াল আৰু বাইদুল্লা খানৰ মাজত বিবাদ চলি আছে।