NORTHEAST NOW (Assamese)
দেশ

সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ: জম্মু-কাশ্মীৰত নিহত ভাৰতীয় সেনা জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2022 11:04 am
Soldier Killed In LoC

যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত নিৰন্তৰ চলি আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূল অভিযান। শুকুৰবাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে টাংধাৰ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশ বিৰোধী অভিযানৰ সময়ত ভাৰতীয় সেনাৰ এজন জোৱান নিহত হয়।

এটা সন্ত্ৰাসবাদী গোটৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰাৰ উদ্দেশ্যে নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানত এজন সন্ত্ৰাসবাদীও নিহত হয় বুলি সেনাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিছে।

মুখপাত্ৰ গৰাকীৰ ভাষ্য অনুসৰি অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীসকলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ কঢ়িয়াই আনিছিল। সংঘৰ্ষস্থলীৰ পৰা এটা ৰাইফল, চাৰিটা পিষ্টল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে।

সূত্ৰই অনুসৰি সন্ত্ৰাসবাদীৰ এটা গোটে যোৱা নিশা এলঅ’চিৰে ভাৰতৰ ফালে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। দলটোক এলঅ’চিৰ কাষত নিয়োজিত নাইট ভিজন ডিভাইচ আৰু অন্যান্য অনুপ্ৰৱেশ-বিৰোধী গেজেটৰ সহায়ত ট্ৰেক কৰা হৈছিল।

গোটটোক টাংধাৰ চেক্টৰত ভাৰতৰ ফালে প্ৰৱেশ কৰাৰ সময়ত সেনাই বাধা দিছিল আৰু সংঘৰ্ষত এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছিল। অৱশ্যে দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষণৰ ফলত এজন ভাৰতীয় সৈনিকো নিহত হয়।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল।

আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল।

তাৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।