NORTHEAST NOW (Assamese)
অসম

দিব্যাংগ লোকক হুইল চেয়াৰ বিতৰণ বিধায়ক অখিল গগৈৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 6, 2022 6:51 pm
Akhil Gogoi

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি দিব্যাংগ সকলৰ মাজত হুইল চেয়াৰ বিতৰণ কৰে।

শিৱসাগৰৰ আৱৰ্ত ভৱনত ২৩ গৰাকী দিব্যাংগ লোকৰৰ মাজত হুইল চেয়াৰ বিতৰণ কৰে অখিল গগৈয়ে।

নৱবৰ্ষত বিশেষভাৱে সক্ষম ব্যক্তিক সহায় কৰিবলৈ পায় আনন্দিত হোৱা বুলি প্ৰকাশ কৰে অখিল গগৈয়ে।

ভৱিষ্যত দিনতো বিশেষভাৱে সক্ষম লোক সকলক সহায় কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে শিৱসাগৰৰ বিধায়ক জনে।