NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত শিক্ষানুষ্ঠান সমূহৰ সমস্যা সমাধানৰ দাবীত ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

Posted by: এন ই নাও নিউজ April 19, 2018 9:27 pm
প্ৰতিবাদ

বৃহস্পতিবাৰে গোৱালপাৰা জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ বিদ্যালয় সমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ বিদ্যালয় সমূহত ছাত্র-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া, বিভিন্ন শিক্ষানুষ্ঠান সমূহত শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিয়া, শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনিৰ লগতে সকলো ক্ষেত্ৰতে উন্নয়ন সাধন কৰাৰ দাবীত আজি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৱে গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰৰ পৰা গোৱালপাৰা চহৰৰ মাজেৰে এক সমদল উলিয়াই।

আনহাতে প্ৰতিবাদকাৰী সকলক জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ পথত আৰক্ষীয়ে বেৰিকেইড দি বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত গোৱালপাৰা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গৰাকীক উপস্থিত হ’বলৈ দাবী জনাই পৰিৱেশ উত্তাল কৰি তোলে।

অৱশেষত অতিৰিক্ত উপায়ুক্ত গৰাকী প্ৰতিবাদস্থলীত উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।