NORTHEAST NOW (Assamese)
অসম

বঙাইগাওঁ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনা, আহত এজন

Posted by: ইয়াচিন আলী April 19, 2018 9:24 pm

বঙাইগাওঁ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ  গুৰুতৰভাৱে আহত হয় জিয়াৰুল হক নামৰ এজন বাইক আৰোহী।

আহত বাইক আৰোহীজনক প্ৰথমতে মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত হকৰ ঘৰ বিজনীত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 19 A 7178। কোনো প্ৰত্যক্ষদৰ্শী নথকা বাবে কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ’ল কোনেও গম পোৱা নাই।