NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা জন্মু আৰু কাশ্মীৰত সৰ্বাত্মকৰূপত পুনৰ খোলা হৈছে চৰকাৰী কাৰ্যালয়সমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 3:50 pm
kashmir-lockdown-759

জন্মু আৰু কাশ্মীৰত আজিৰ পৰা সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় পুনৰ আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, জন্মু আৰু কাশ্মীৰৰ চৰকাৰে যোৱা শুকুৰবাৰে শনিবাৰৰ(আজি) পৰা সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় পুনৰ খোলাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অৱশ্যে চৰকাৰে বয়োজ্যেষ্ঠ কৰ্মচাৰী, গৰ্ভৱতী কৰ্মচাৰী আৰু স্বাস্থ্যজনিত কাৰণ অসুস্থ কৰ্মচাৰীৰ ক্ষেত্ৰত শিথিলতা অৱলন্বন কৰিছে।

‘সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে ৬ জুনৰ পৰা দৈনন্দিন কৰ্তব্যস্থলীত উপস্থিত থাকিব লাগিব।’ চৰকাৰী নিৰ্দেশনাত এইদৰে কোৱা হয়।

নিৰ্দেশনাত চৰকাৰে আৰু কয় যে কেৱল উপযুক্ত প্ৰৱেশ পত্ৰ থকা দৰ্শনাৰ্থীসকলেহে কাৰ্যালয়ত উপস্থিত হৈ কোনো বিষয়া বা উৰ্দ্ধতন কৰ্তৃপক্ষক দৰ্শন কৰিব পাৰিব।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ আদেশ মৰ্মে কাৰ্যালয়সমূহত বায়’মেট্ৰকিক পান্সিং মেচিন বন্ধ থাকিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত জন্মু আৰু কাশ্মীৰৰ চৰকাৰে এই ব্যৱস্থা বাহাল ৰাখিব।