NORTHEAST NOW (Assamese)
অসম

অনুৰ্দ্ধ ১৭ বছৰ ৰাষ্ট্ৰীয় দবাঃ অসমৰ মায়াঙ্ক চক্ৰৱৰ্তী চেম্পিয়ন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 9, 2022 5:48 pm

অসমৰ মায়াঙ্ক চক্ৰৱৰ্তী আজি অন্ত পৰা অনুৰ্দ্ধ ১৭ বছৰ ৰাষ্ট্ৰীয় দবাত বিজয়ী হৈছে। মায়াঙ্কে ১১ ৰাউণ্ডৰ পৰা ৮. ৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে।

তামিলনাডুৰ এছ হৰ্সদেও ৮.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। তামিলনাডুৰে হৰ্ষ সুৰেশে ৮ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

এই জয়ৰ সুত্ৰে মায়াঙ্কে ৯০,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে। এই জয়ৰ সুত্ৰে মায়াঙ্কে ২০২৩ চনত অনুৰ্দ্ধ ১৮ বছৰ দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

এই প্ৰতিযোগিতা খন ,৩০জুনৰ পৰা ৯ জুলাই, ২০২২লৈ উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হৈছিল আৰু সৰ্বভাৰতীয় দবা মহাসংঘৰহৈ উৰিষ্যা দবা সন্থাই আয়োজন কৰিছিল।

মায়াঙ্কৰ এই কৃতিত্বত সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থাই আৰু গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে।