NORTHEAST NOW (Assamese)
অসম

ছমাহৰ পিছত নিৰাপদে পৃথিৱীলৈ উভতি আহিল চীনৰ তিনিগৰাকী মহাকাশচাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 16, 2022 11:15 am

ছমাহৰ পিছত নিৰাপদে পৃথিৱীত অৱতৰণ কৰিছে চীনৰ তিনিগৰাকী মহাকাশচাৰীয়ে। কক্ষপথত চীনৰ মহাকাশ ষ্টেশ্যন নিৰ্মাণত অংশ লোৱাৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা হৈছিল।

মহাকাশচাৰী তিনিগৰাকীয়ে তাত ছমাহ থকাৰ পিছত শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত পৃথিৱীত আহি উপস্থিত হয়। চীনৰ সংবাদ মাধ্যমে এই কথা সদৰী কৰিছে।

লগতে পঢ়ক: ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ, মেকুৰী, সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী! কোন এই পাষণ্ড?

মহাকাশযান শ্বেনঝু-১৩-ত উভতি অহা চীনৰ মহাকাশচাৰী তিনিগৰাকী হৈছে ঝই ঝিগাং, ওৱাং ইয়াপিং আৰু ইয়ে গুৱাংপু।

চীনৰ উত্তৰ অঞ্চলত মহাকাশযানখনে অৱতৰণ কৰে। বৰ্তমান তেওঁলোক সম্পূৰ্ণ সুস্থ আছে বুলি কোৱা হৈছে।

যোৱা বছৰ অক্টোবৰত চীনৰ গোবি মৰুভূমিৰ পৰা এই মহাকাশচাৰী তিনিগৰাকীয়ে মহাকাশ ষ্টেশ্যনলৈ যাত্ৰা কৰিছিল।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ৰাজধানী কীয়েভত ৯০০ অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে চীনে প্ৰথমবাৰৰ বাবে এক স্থায়ী মহাকাশ ষ্টেশ্যন নিৰ্মাণ কৰিছে। চীনে ইয়াৰ নাম ৰাখিছে তিয়ানগং, যাৰ অৰ্থ সৰগীয় মহল।