NORTHEAST NOW (Assamese)
অসম

পহিলা ব’হাগৰ নিশাই তামুলপুৰ অঞ্চলত ধুমুহাৰ তাণ্ডৱ; নিহত এগৰাকী মহিলা

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ April 16, 2022 11:45 am

অসমীয়া নৱবৰ্ষৰ প্ৰথমটো নিশা তামুলপুৰ জিলা সদৰৰ লগতে কুমাৰিকাটা, নাগ্ৰীজুলি, অময়াপুৰ, কাউলি, লতিবাৰী, দৰঙামেলা, বৰখাটা আদিকে ধৰি  তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে।

নিশা অহা ধুমুহা জাকে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি, তামোলৰ গছ, বিভিন্ন গছ-গছনি ভাঙি বিধ্বস্ত কৰি থৈ যায়।

বিধ্বংসী ধুমুহাৰ ফলত কুমাৰীকাটাৰ বাতাবাৰী আমবাৰী গাঁওত নিশা ঘৰৰ ওপৰত গছ বাগৰি পৰাৰ ফলত এনি মোছাহাৰী নামৰ এগৰাকী মহিলা মৃত্যু ঘটে।

ফটো: নৰ্থইষ্ট নাও।

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বাসগৃহও ভাঙি তছনছ হৈ পৰে। কথমপি প্ৰাণৰক্ষা পৰে বিধায়ক দৈমাৰীৰ।

তাৰমাজতো নিজৰ ঘৰৰ বিপৰ্যয় নেওচি বিধায়ক দৈমাৰীয়ে ক্ষতিগ্ৰস্ত লোকৰ কাষত থিয় দিছে।