NORTHEAST NOW (Assamese)
Popular Stories

কুটুম বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত জনপ্ৰিয় অভিনেতা কেকে-মোহন; বিহু গাই সকলোকে জনালে নৱবৰ্ষৰ ওলগ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক April 16, 2022 12:26 pm

আজি ব’হাগৰ দ্বিতীয় দিন। আজিৰ দিনটোত ঠাইভেদে অসমীয়া সমাজে গোসাঁই বিহু আৰু কুটুম বিহু উদযাপন কৰে। পুৱা গা পা ধুই গোসাঁই সেৱা কৰি বছৰটো ভালে কুশলে পাৰ হোৱাৰ কামনা  কৰা হয়। তাৰ পাছত ইষ্ট-কুটুম্ব তথা বন্ধ বৰ্গৰ ঘৰলৈ বিহু খাবলৈ যোৱা এটা পৰম্পৰা পূৰ্বৰ পৰা চলি আহিছে।

এনে পৰম্পৰা ৰক্ষা কৰি আজি টীয়কৰ গুৱাল গাঁৱৰ যুৱক অচিন্ত বৰাৰ গৃহত বিহু খাবলৈ উপস্থিত হৈছে অসমৰ দুজনকৈ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট ওৰফে কেকে-মোহন।

ব্যস্ততাৰ মাজতে বিহুৰ পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি বন্ধুৰ গৃহত উপস্থিত হৈ অভিনেতা দুগৰাকীয়ে পৰিয়ালক বিহুৰ ওলগ জনোৱাৰ লগতে পিঠা, জলপানৰ সমান্তৰালকৈ অসমীয়া থলুৱা বিভিন্ন ব্যঞ্জনেৰে বন্ধু মাতৃয়ে ৰন্ধা তৃপ্তিৰে এসাজ আহাৰ গ্ৰহণ কৰে।

ফটো: নৰ্থইষ্ট নাও।

তদুপৰি, মোহনে কান্ধত ঢোল আৰু কেকে-ই বিহু গাই সকলোকে নচুৱাই ৰঙালীৰ আনন্দ উপভোগ কৰে।

ইপিনে, কথাৰ মাজতে দেশৰ মূল্যবৃদ্ধি তথা অনান্য বিভিন্ন সমস্যাসমূহো ব্যংগৰূপত উপস্থাপন কৰি এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

লগতে চাওক: পহিলা ব’হাগৰ নিশাই তামুলপুৰ অঞ্চলত ধুমুহাৰ তাণ্ডৱ; নিহত এগৰাকী মহিলা

উল্লেখযোগ্য যে ক’ভিডৰ আতংকই যোৱা দুটা বছৰে সকলো স্তৰৰ ব্যক্তিকে বাৰুকৈ প্ৰভাৱম্বিত কৰিছিল কিন্তু সেই সময়ছোৱাত চিকিৎসাকৰ্মী, আৰক্ষী তথা সাংবাদিকসকলে নিজ নিজ দায়িত্ব পালন কৰি মানৱজাতিলৈ যি অৱদান আগবঢ়ালে তাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শিল্পী দুগৰাকীয়ে লগতে এই ব’হাগে সকলোৰে জীৱন ৰঙীণ কৰি তোলাৰ কামনা কৰে।