NORTHEAST NOW (Assamese)
অসম

Eid-ul-Adha celebrated: আজি পবিত্ৰ ঈদ ঊল আজহা: সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহ-মালহেৰে পালন কৰা হৈছে ঈদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 10, 2022 12:12 pm

Eid-ul-Adha has been celebrated পবিত্ৰ ঈদ ঊল আজহা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতে পালন কৰা হয়। ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজত অংশলৈ শান্তি সম্প্ৰীতি কামনা কৰে।

শিৱসাগৰৰ দৰ্বাৰ ঈদগাহ ময়দান, জেঙুনীকটীয়া চাৰি আলি, ষ্টেচন চাৰি আলিকে ধৰি বিভিন্ন প্ৰান্তত সমূহীয়া নামাজ পঢ়া পৰিলক্ষিত হয়।

ফটো: নৰ্থইষ্ট নাও।

গোধন কুৰ্বানীকলৈ বিগত কেইবাদিন ধৰি হৈ থকা বিতৰ্কৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে  শণিবাৰে কুৰ্বানী ঈদ সন্দৰ্ভত দিয়া ৰায়দানকলৈয়ো সন্তোষ প্ৰকাশ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।

ফটো: নৰ্থইষ্ট নাও।

এচামে বিতৰ্কিত মন্তব্যৰে বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছিল যদিও ন্যায়ালয়ে দিয়া ৰায়দানে তেনে পৰিৱেশ দূৰ কৰাত শান্তিপূৰ্ণভাৱেই উদযাপন কৰা হৈছে ঈদ।

ফটো: নৰ্থইষ্ট নাও।

সমূহীয়া নামাজত অংশলৈ অসমত সকলো ধৰ্মাৱলম্বী তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ বদ্ধ পৰিকৰ বুলিও মন্তব্য কৰে বিভিন্নজনে।