NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰিজন আহত

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ July 10, 2022 9:00 pm
Road accident

আজি বিয়লি কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ তিনালী চ’কত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ AS 16 AC4054 নম্বৰৰ এখন অইল ট্ৰেংকাৰ গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে AS 01 AL 1886 নম্বৰৰ এখন ব্যক্তিগত চেন্ট্ৰ গাড়ীৰ৷

এই দুৰ্ঘটনাত চেন্ট্ৰ গাড়ীখনৰ চালকসহ গাড়ীত থকা চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়৷

আহতসকলক গোৱালপাৰা জিলাৰ দূধনৈৰ কৰলাপাৰা গাঁবৰ ক্ৰমে মহিনী বসুমতাৰী (৪৪), বুধবাৰী বসুমতাৰী (৪৭), হুমায়ুন বসুমতাৰী (৫০) আৰু বাপন বসুমতাৰী (১৬) বুলি চিনাক্ত কৰা হৈছে৷

আহত সকলক তাৎক্ষণিকভাৱে কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰ অৱস্থাত থকা আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান আটাইকেইজন আঘাতপ্ৰাপ্ত লোক লোৱাৰ আসাম হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ চালকজনক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।