NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ‘কেব’ৰ প্ৰতিলিপি দাহ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক December 7, 2019 10:58 pm
তামুলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ‘কেব’ৰ প্ৰতিলিপি দাহ

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিয়ে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গান্ধীবাৰী বজাৰ চ’কত বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্র সংগঠনটোৰ বিষয়ববীয়া আৰু ছাত্র কৰ্মী সকলে গান্ধীবাৰী চকত সমবেত হৈ ‘কেব’ৰ প্ৰতিলিপি দাহ কৰি ‘কেব’ বাতিলৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে গান্ধীবাৰীৰ  প্ৰতিবাদস্থলীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তিও দাহ কৰে।

প্ৰতিবাদকাৰী সকলে “জয় আই অসম, জাতি ধ্বংসি কেব বাতিল কৰক, কেব আমি নামানো, নৰেন্দ্ৰ মোদী গ’বেক,  সংগ্ৰাম আমাৰ অবিৰত,  জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অমিত শ্বাহ মুুুুৰ্দাবাদ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদ জিন্দাবাদ” আদি প্ৰতিবাদী শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

আজিৰ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ সম্পাদক প্ৰমুখ্যে বহু সংখ্যক সদস্য আৰু স্থানীয় ৰাইজে এই কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।