NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস; সুস্থতাৰ হাৰে জগাইছে নতুন আশা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2021 12:58 pm
Corona-Mask-750x375-1

Covid-19 Update দেশত উৎসৱৰ বতৰ প্ৰায় শেষ হোৱাৰ সময়তে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে। তদুপৰি, সুস্থতাৰ হাৰ বৃদ্ধিয়ে নতুনকৈ আশা জগাইছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ২২৯জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১১হাজাৰ ২৭১জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৪৪লাখ ৭হাজাৰ ৫৩৬জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১২ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে এই সংখ্যা আছিল ২৮৫জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬৩ হাজাৰ ৬৫৫জন।

Also Read: Crime in the City কালীবাৰী কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ; পত্নীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১১ হাজাৰ ৯২৬ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। সুস্থতাৰ হাৰ হৈছে ৯৮.২৬শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৮লাখ ৪৯হাজাৰ ৭৮৫জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৩হাজাৰ ৯জন। এয়া বিগত ৫২৩ দিনৰ ভিতৰত সৰ্বনিম্ন

বৰ্তমানলৈ দেশত ১১২ কোটি ৩৪ লাখ ৩ হাজাৰ ৪৭৮ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

Also Read: Controversy পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰেছ নেতা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই

ইপিনে, কেৰালাৰ কৰ’না পৰিস্থিতিক লৈ এতিয়াও উদ্বেগ অব্যাহত আছে।  কেৰালাত যোৱা ২৪ ঘন্টাত ৫৮৪৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় আধা। সেইদৰে ৰাজ্যখনত ২৪ ঘন্টাত মৃত্যু হৈছে ৪৬জন লোকৰ।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।