NORTHEAST NOW (Assamese)
অসম

ৰজাবাৰীত টীয়ক আছুৰ উদ্যোগত আজিৰে পৰা বিনামূলীয়া পাঠদান

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক July 10, 2022 9:57 pm
AASU

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত আজিৰে পৰা টীয়কৰ ৰজাবাৰীত আৰম্ভ হৈছে বিনামূলীয়া পাঠদান কাৰ্যসূচী।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই পাঠদান কাৰ্যসূচী টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত শুভাৰম্ভ কৰা হয়।

মূলত: দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এই বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

আজিৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত হোৱা সভাত টীয়ক আছুৰ ভাৰপ্ৰাপ্ত সভাপতি ৰক্তিম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে টীয়ক আছুৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই।

বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভনি হোৱা কাৰ্যসূচীত ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৃষ্ণ বৰা, অনিল শইকীয়া, গণেশ বৰঠাকুৰ তথা আন কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত থাকে।

আনহাতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰন্টু ভূঞা, সাংস্কৃতিক সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, টীয়ক আছুৰ উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়াকে ধৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে।