NORTHEAST NOW (Assamese)
Popular Stories

Barshashri Buragohain: কেতিয়া মুক্তি পাব বৰ্ষাশ্ৰীয়ে? টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত ৰাইজৰ দলৰ প্ৰতিনিধি

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক July 14, 2022 2:57 pm

Barshashri Buragohain যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিৰ নিবাসী অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ফেচবুকত লিখা এটা কবিতাৰ বাবেই আজি ৫৭ টাকৈ দিন কাৰাগাৰত বন্দী হৈ আছে।

অহা ১৮  জুলাইৰ পৰা তেওঁৰ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা। সেয়ে এতিয়া এই মেধাবী ছাত্ৰীগৰাকী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিবলৈ সমগ্ৰ ৰাজ্যৰ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী তুলি আজি বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ ঘৰত আহি উপস্থিত হয়হি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্ৰত দত্ত, ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ গগৈ, জাতীয় যুৱ বাহিনীৰ সাংগঠনিক সম্পাদক মানস প্ৰতিম ভূঞাকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিষয়টোৰ কেনেকৈ নিস্পত্তি কৰিব পাৰি সেই বিষয়ত বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগত আলোচনা কৰে।

প্ৰতিনিধি দলটোৱে লগতে পৰীক্ষাত বহিব পৰা কৰি দিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা ৰাইজৰ দলৰ ফালৰ পৰা কৰি থকা হৈছে বুলি জানিবলৈ দিছে।