NORTHEAST NOW (Assamese)
Popular Stories

Benifits of Burmese grapes বজাৰত এতিয়া দমে দমে ওলাইছে লেতেকু; লেতেকুৰ উপকাৰিতা জানি আচৰিত হ’ব আপুনি!

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী July 14, 2022 2:28 pm

Benifits of Burmese grapes আঙুৰৰ থোপাৰ দৰে ডাল ভৰি লগা টেঙা মিঠা সোৱাদৰ লেতেকুৰ নাম শুনি হয়তো আপোনালোকৰ বহুতৰে নিজৰ শৈশৱলৈ মনত পৰিছে। কিন্তু দুখৰ বিষয় যে আজিৰ প্ৰজন্মৰ বাবে ই এবিধ অচিনাকি ফল। লেতেকু,পনিয়ল আদি এইবোৰ আমাৰ অসমৰ থলুৱা ফল।

লেতেকুৰ বৈজ্ঞানিক নাম Baccaurea ramifloral ইংৰাজীত ইয়াক বার্মীজ গ্রেপছ (Burmese grapes) বুলিও কোৱা হয়। গৰমত লেতেকুৰ চৰবত খালে শৰীৰত তৎক্ষণাত শক্তি যোগায়।  

লেতেকুৰ বাসস্থান বুলি কবলৈ গ’লে ভাৰত (বিশেষকৈ অসম), নেপাল, ম্যানমাৰ, দক্ষিণ চীনদেশ, ইণ্ডোনেছিয়া, থাইলেণ্ড, ভিয়েটনাম, মালয়ছিয়া আদি দেশৰ কথাই কব লাগিব কাৰণ এইবোৰ দেশৰ জলবায়ু ইয়াৰ বাবে উপযোগী।

Also read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

মালয়ছিয়া আদি দেশত লেতেকুৰ পৰা বিশেষ প্ৰকাৰৰ সুৰা ( wine) ও বনোৱা হয় যি বহু ঔষধি গুণসম্পন্ন। অসমতো লেতেকু স্কোৱাছ (squash) বা চৰবত হিচাবে সংৰক্ষণ কৰা হয়।

কিন্তু অসমত আজিৰ দিনত ইয়াৰ উৎপাদন আৰু চাহিদা বহুত কম। স্বাস্থ্যবর্ধক আৰু ঔষধি গুণসম্পন্ন লেতেকুৰ দৰে থলুৱা ফলসমূহ কোনো বিশেষ যত্ন নোলোৱাকৈ হয়৷ লেতেকু আপেল, আঙুৰতকৈ বহুগুণে ওপৰত। ভিটামিন C. এঞ্জাইম, প্রটিন, কেলচিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, চডিয়াম আদি অত্যাৱশ্যকীয় উপদানেৰে ভৰপূৰ লেতেকুৰ গুণাগুণো বহুত।

*লেতেকু আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে?

১) ভিটামিন C থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ চৰ্দি আদিৰ পৰা আমাক বচাই ৰাখে।

২) ভিটামিন C, এন্টিঅক্সিডেন্ট থকাৰ বাবে ছালৰ সৌন্দৰ্য্য বর্ধনতো সহায় কৰে।

৩) দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলোৱা ( gum bleeding) সমস্যাতো উপকাৰী কাৰণ ইয়াত ভিটামিন C আছে।

৪) লেতেকুয়ে হজমী শক্তি বৃদ্ধি কৰে আৰু পেট খোলোচা কৰে।

৫) পটাছিয়াম থকা বাবে উচ্চ ৰক্তচাপত উপকাৰী। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে লেতেকুৰ চৰবত সেৱন কৰিব পাৰে।

৬) কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে। অষ্টিওপৰ’ছিছ (osteoporosis) সমস্যাত ভোগা লোকে লেতেকু সেৱন কৰিলে উপকৃত হ’ব।

Also read : Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

৭)ৰক্তহীনতা বা এনিমিয়া সমস্যাতো লেতেকু উপকাৰী।

৮) আঁহ ( dietary fiber) থকা বাবে ওজন কম কৰাতো উপকাৰী। মেদবহুল লোকে লেতেকুৰ সেৱন কৰিব পাৰে।

৯) প্ৰসাবৰ বিভিন্ন সমস্যাত লেতেকুৰ চৰবত উপকাৰী।

Also read : Benefits of coconut water গৰমৰ দিনত নাৰিকল পানী খাঁওক আৰু ভালে ৰাখক স্বাস্থ্য