NORTHEAST NOW (Assamese)
অৰুণাচল

Assam-Arunachal border dispute: অসম-অৰুণাচল সীমান্ত বিবাদ সমাধানৰ বাবে চুক্তিত স্বাক্ষৰ; কিমান দিনৰ ভিতৰত হ’ব মীমাংসা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2022 11:56 am

Assam-Arunachal border dispute শুকুৰবাৰে অসম আৰু অৰুণাচল প্ৰদেশে ইয়াৰ সীমান্ত সমস্যা সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰি নামচাই চুক্তিত স্বাক্ষৰ কৰে।

তৃতীয় পৰ্যায়ৰ বৈঠকৰ পিছত অৰুণাচল প্ৰদেশৰ নামচাইত চুক্তিখন স্বাক্ষৰিত হয়। চুক্তিখনত স্বাক্ষৰ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

বৈঠকৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে ইয়াৰ পূৰ্বে ১২৩ খন সীমান্ত গাওঁকলৈ বিবাদ আছিল। এইবাৰ সেয়া ৮৬ খন গাওঁলৈ হ্ৰাস পাইছে।

এই বছৰৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

আগন্তুক দিনত দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্ব আৰু ভাতৃত্ববোধ আৰু বৃদ্ধি পাব বুলি নেতাদ্বয়ে আশা ব্যক্ত কৰে।

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে আমাৰ এই সীমা সমস্যা প্ৰায় সাত দশক ধৰি চলি আছে। কিন্তু পূৰ্বৱৰ্তী চৰকাৰৰ অধীনত ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱৰ বাবে এই সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।

ইপিনে জনোৱা হয় যে অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত থকা ১২৩ খন গাওঁৰ ভিতৰত ২৮ খন গাওঁ অৰুণাচল প্ৰদেশৰ ভিতৰতে থাকিব। সেইদৰে অসম পিনে নথকা আৰু ছয়খন গাওঁ অৰুণাচলৰ ভিতৰতে থাকিব।

আনহাতে, কোৱা হৈছে যে আঞ্চলিক সমিতিৰ সহমতৰ ওপৰত ভিত্তি কৰি খচৰা বুজাবুজি চুক্তিখন অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।