NORTHEAST NOW (Assamese)
অসম

Vice-President Election 2022: বিৰোধীদলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2022 6:02 pm

Opposition’s Vice-President candidate বিৰোধীয়ে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। তেওঁলোকৰ প্ৰাৰ্থী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন ৰাজ্যপাল মাৰ্গাৰেট আলভা। তেওঁ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীও আছিল। 

মাৰ্গাৰেট আলভাই এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদীপ ধনখড়ৰ মুখামুখি হ’ব।

বিৰোধী নেতাসকল দেওবাৰে শৰদ পাৱাৰৰ বাসগৃহত অনুষ্ঠিত বৈঠকত উপস্থিত হৈছিল। তাতেই মাৰ্গাৰেট আলভাৰ নাম উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰা হয়।

কংগ্ৰেছক ডিএমকে, সমাজবাদী পাৰ্টি, আৰজেডি, শিৱসেনা, টিআৰএছ, আৰএলডিয়ে সমৰ্থন কৰে। তদুপৰি, চিপিআইএম, চিপিআই আৰু আৰএছপিয়েও আলভাৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছে।

অৱশ্যে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মতামত এতিয়াও জানিব পৰা  হোৱা নাই।

বৈঠকত মুঠ ১৭ টা ৰাজনৈতিক দলে মাৰ্গাৰেট আলভাৰ প্ৰতি সমৰ্থন নিশ্চিত কৰিছে।