NORTHEAST NOW (Assamese)
অসম

Students’ drowned in Siang river: ছিয়াং নদীত ডুবি সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় July 18, 2022 6:52 am

ডিব্ৰুগড়: Students’ drowned in Siang river অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ৰাণেঘাটত দেওবাৰে চিয়াং নদীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ ডুবি সন্ধানহীন হৈছে।

বাতৰি অনুসৰি দেওবাৰে পাছিঘাটৰ ৰাণেঘাটৰ চিয়াং নদীলৈ পাঁচজন শিক্ষাৰ্থী গৈছিল৷ নদীত গা ধুবলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয়৷

লগতে পঢ়ক: African Swine Fever: আফ্ৰিকান ছোৱাইন ফিভাৰত ৰাজ্যত চলিত বছৰত এতিয়ালৈকে ৪০০ টা গাহৰিৰ মৃত্যু

অৱশ্যে তেওঁলোকৰ তিনিজন পাৰলৈ আহিবলৈ সক্ষম হয় যদিও বাকী দুজনক এতিয়াও বিচাৰি পোৱা হোৱা নাই। অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ উদ্ধাৰকাৰী দলে চিয়াং নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিজিডিচিএ-ৰ অন্তিম ষান্মাসিকৰ ছাত্ৰ ডিব্ৰুগড় চিৰিং চাপৰিৰ প্ৰসিদ্ধ সন্দিকৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে বি.চি.এ.-ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ গহপুৰৰ সুভাদীপ পল সন্ধানহীন হৈ থকা বুলি কোৱা হৈছে।

লগতে পঢ়ক: আশ্চৰ্য! ব্যৱসায়িক স্বাৰ্থত মহিলাক অপমানসূচক মন্তব্য; পংকজ পাঠকৰ বিৰুদ্ধে তৃণমূল মহিলা কংগ্ৰেছৰ গোচৰ

উদ্ধাৰ অভিযানত এনডিআৰএফ আৰু এছডিআৰএফ দল উপস্থিত থাকে।