NORTHEAST NOW (Assamese)
অসম

Gunman killed 3 in US Mall: আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2022 9:53 am

Gunman killed 3 in US Mall আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশৰ এটা শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত তিনিজন লোক নিহত হৈছে। এই আক্ৰমণত আহত হৈছে আন তিনিজন লোক।

বাতৰি অনুসৰি, আক্ৰমণকাৰীজনক এজন অসামৰিক ব্যক্তিয়ে গুলীয়াই নিহত কৰে।

লগতে পঢ়ক: Arrested for Facebook post on ULFA (I): আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ

ইণ্ডিয়ানাৰ গ্ৰীণউডৰ মেয়ৰ মাৰ্ক মায়াৰ্ছে এক বিবৃতিত কয়, “আজি সন্ধিয়া (স্থানীয় সময় অনুসৰি দেওবাৰে) গ্ৰীণউড পাৰ্ক মলত এক ডাঙৰ গুলীচালনাৰ ঘটনা ঘটে। এই ঘটনাত তিনিজন লোক নিহত আৰু আন তিনিজন লোক আহত হয়।‘’

মায়াৰ্ছে লগতে কয় যে বন্দুকধাৰীজনক “এজন সশস্ত্ৰ ব্যক্তিয়ে” গুলীয়াই নিহত কৰিছে।

গ্ৰীণউড আৰক্ষীয়ে তেওঁলোকৰ ফেচবুক পৃষ্ঠাত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তাত ঘটনাটোৰ সাক্ষীসকলৰ পৰা তথ্য বিচৰা হৈছে।

লগতে পঢ়ক: India clinch ODI series against England: পণ্টৰ দমনীয় শতক,পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে এদিনীয়া শৃংখলা দখল ভাৰতৰ

তেওঁলোকক তথ্য প্ৰদান কৰিবলৈ আৰক্ষী বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।