NORTHEAST NOW (Assamese)
অসম

Akhil Gogoi: কা আন্দোলনৰ সময়ৰ গোচৰত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ অখিল গগৈ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 19, 2022 1:21 pm

Akhil Gogoi appear in the Sibsagar CJM court কা আন্দোলনৰ সময়ত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আজি শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় বিধায়ক আখিল গগৈ।

কা আন্দোলনৰ সময়ত শিৱসাগৰত এক বিশাল প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰিছিল অখিল গগৈয়ে।

লগতে পঢ়ক: Bangladesh delegation in Assam: অসমত উপস্থিত বাংলাদশৰ সজাঁতি দল; দৰ্শন কৰিলে ঐতিহাসিক পোৱামক্কা দৰগাহ শ্বৰীফ

অখিল গগৈসহ আন তিনিজন ক্ৰমে মানস কোঁৱৰ, জিন্তু মেছ আৰু লক্ষ্যজ্যোতি গগৈৰ ওপৰত গোচৰ ৰুজু কৰিছিল।

অখিল গগৈৰৰ লগতে আটাইকেইগৰাকীয়ে আজি শিৱসাগৰ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হয়।

ৰাষ্ট্ৰদ্ৰোহ আৰু ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগত গোচৰ তৰিছিল।

লগতে পঢ়ক: Rupee at Record Low সস্তা হ’ল টকা: প্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰত ৮০ টকালৈ হ্ৰাস পালে ভাৰতীয় মুদ্ৰা; কিয় ঘটিল এই পতন?

শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি শিৱসাগৰ সদৰ থানা আৰু গৌৰিসাগৰ থানাত ৰুজু হৈ থকা গোচৰৰ শুনানি আছিল।