NORTHEAST NOW (Assamese)
অসম

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত: বৰ্ষাশ্ৰীক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 21, 2022 2:49 pm
Barshashree Buragohain

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত দুমাহতকৈও অধিক কাল কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই অৱশেষত কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হ’ল। আজি বৰ্ষাশ্ৰীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯ বছৰীয়া শিক্ষাৰ্থী গৰাকীক জামিন প্ৰদান কৰে।

যোৱা ১৮ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গোলাঘাটত ন্যায়িক জিম্মাত আছিল বৰ্ষাশ্ৰী।

নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিয়াৰ অভিযোগত বৰ্ষাশ্ৰীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰীগৰাকীয়ে কাৰাগাৰৰ ভিতৰৰ পৰাই দুটাকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে বৰ্ষাশ্ৰীয়ে আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ লগতে আলফালৈ যোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল বুলি দাবী কৰিছিল।

কিন্তু আৰক্ষীৰ এই দাবীৰ বিপৰীতে যুৱতীগৰাকীৰ ফেচবুকত আলফাৰ সমৰ্থনত স্পষ্টকৈ কোনো পোষ্ট নথকাৰ অভিযোগ উঠিছিল। এনে অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

অৱশেষত আজি উচ্চ ন্যায়ালয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক জামিন প্ৰদান কৰাৰ লগে লগে ৰাজ্যবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।