NORTHEAST NOW (Assamese)
অসম

Cross votingক্ৰছ ভোটিং কৰা কংগ্ৰেছী বিধায়কক কাৰ সৈতে ৰিজালে ৰাণা গোস্বামীয়ে?

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 23, 2022 6:04 pm

শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এখনি বৰ্দ্ধিত কার্যনির্বাহক সভা অনুষ্ঠানত ক্ৰছ ভোট দিয়া কংগ্ৰেছী বিধায়কৰ ওপৰত ক্ষোভ উজাৰে ৰাণা গোস্বামীয়ে।

তেওঁ কয় “অতি গম্ভীৰতাৰে আমি বিষয়তো আলোচনা কৰিছো কাৰণ এই বিধায়কসকলৰ কথা লোকসভা নিৰ্বাচনতেই উঠিছিল। ৰাজ্যসভা নিৰ্বাচনত কিছু ৰোধ কৰিব পৰা হৈছিলে কিন্তু এতিয়া ক্ৰছ ভোটিং যে হৈছে সেইটো কোনেও নুই কৰিব নোৱাৰে।”

“আজিৰ তাৰিখত মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰীয়ে কি কৈছে মই সেইয়া একো কবলৈ নাযাও কিন্তু AIUDFৰ ভোট প্ৰায় খিনিয়েই তেওঁলোকে পাইছে। আমি যদি সকলো খিনি বিৰোধীক এৰি দিও তাৰ পাছতো ৪ জনে ক্ৰছ ভোট যে কৰিছে সেইটো একেবাৰেই সঁচা। ৪ পৰা ৬ জন আমি চিনাক্ত কৰিছো” তেওঁ লগতে কয়।

ক্ৰছ ভোটিং কৰা কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে টুলুঙা মন্তব্য কৰি ৰাণা গোস্বামীয়ে কয়”এই গাড্ডাৰ সকলক দলত ৰাখি লাভ নাই।
আমাৰ ৪/৫ জন বিধায়ক কমি গ’লে একো লোকচান নহয়।চৰকাৰৰ সা সুবিধা লৈ নিজক বিক্ৰী কৰি আছে একাংশ বিধায়কে।একাংশ মহিলাই যেনেদৰে পেটৰ তাড়নাত কিছু বেয়া কাম কৰে। তেনেকৈ দলৰ একাংশ বিধায়কে সেই মহিলা সকলৰ দৰে নিজৰ দেহ- মগজু বিক্ৰী কৰিছে।এনে বিধায়কক চিনাক্ত কৰি বহিস্কাৰ কৰিব লাগিব। নেমু গছৰ গুৰিত পোক লাগিছে, এই পোক আঁতৰাব লাগিব।”