NORTHEAST NOW (Assamese)
দেশ

হাথৰছ কাণ্ডই জোকাৰিছে দেশ; পদপিষ্ট হৈ মৃত্যু ১২১জনৰ, আৰক্ষীৰ চকুত ধূলি দি পলায়ন স্বয়ম্ভু বাবাৰ

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 3, 2024 12:01 pm

মঙলবাৰে উত্তৰ প্ৰদেশৰ হাথৰছত ‘সৎসংগ’ৰ সময়ত সংঘটিত হোৱা এক মাৰাত্মক হুলস্থুলৰ ফলত ১২১ জন লোকৰ প্ৰাণহানি হয়। ধৰ্ম প্ৰচাৰক ভোলে বাবাৰ ‘সৎসংগ’ৰ বাবে ছিকন্দ্ৰৰাউ অঞ্চলৰ ফুলৰাই গাঁৱৰ সমীপত সমবেত হোৱা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছিল।

বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, সভাস্থলীত হাজাৰ হাজাৰ লোক আছিল আৰু বাবা যাবৰ সময়ত বহুতেই তেওঁৰ ভৰি চুবলৈ লৰালৰি কৰিছিল। উভতি আহি থাকোঁতে ওচৰৰ নলাৰ পৰা পানী ওফন্দি উঠা মাটিৰ কিছু অংশ বোকাময় হৈ পৰাত মানুহবোৰ পিছলি পৰিল আৰু ইজনে সিজনৰ ওপৰত পৰিল।

উত্তৰ প্ৰদেশৰ মুখ্য সচিব মনোজ কুমাৰ সিঙে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, অতিমাত্ৰা ভিৰ হোৱাটো এই হুলস্থুলৰ আঁৰৰ অন্যতম কাৰণ। সিঙে কয় যে অনুষ্ঠানৰ আয়োজকসকলে ‘সৎসংগ’ অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদনত উপস্থিতৰ সংখ্যা ৮০ হাজাৰ বুলি ধৰা হৈছে যদিও প্ৰকৃত সংখ্যা বহু বেছি আছিল। এক প্ৰতিবেদনত কোৱা হৈছে যে এই অনুষ্ঠানত প্ৰায় ২.৫ লাখ লোক উপস্থিত হৈছিল।

‘সৎসংগ’ৰ সামৰণি পৰাৰ লগে লগে ভক্তসকলে বাবা নাৰায়ণ হৰিৰ ভৰি স্পৰ্শ কৰিবলৈ বাহনখনৰ পিছফালে দৌৰি গ’ল। তেতিয়াই মানুহবোৰ পিছলি পৰি ইজনে সিজনৰ ওপৰত পৰিল। সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত উপ-আৰক্ষী অধীক্ষক সুনীল কুমাৰে কয় যে আৰক্ষীয়ে গডমেনৰ সন্ধানত আছে।