NORTHEAST NOW (Assamese)
অসম

Athletes felicitated অসম যুৱ অলিম্পিকত পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক অভিনন্দন জ্ঞাপন

Posted by: কাজী জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম, বিশ্বনাথ July 26, 2022 4:31 pm

অসম যুৱ অলিম্পিক আৰু ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হোৱা বিশ্বনাথৰ কেইবাগৰাকী খেলুৱৈক আজি বিশ্বনাথত অভিনন্দন জনোৱা হয়।

বিশ্বনাথ চাৰিআলিৰ লি পেলেচৰ সভাকক্ষত আমাৰ বিশ্বনাথৰ সাংবাদিক কাজি জেইদুল ইছলামে আত ধৰা অভিনন্দন অনুষ্ঠানত অসম যুৱ অলিম্পিকত জুড প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰা বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ছাত্ৰ ভাস্কৰ জ্যোতি শইকীয়াক অভিনন্দন জনোৱা হয়।

ইয়াৰ লগতে বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ভূমিস্হা দাস আৰু হিমশিখা দাস, ৰূপৰ পদক লাভ কৰা প্ৰিয়দৰ্শনী লামা আৰু নয়নী গগৈ, ব্ৰঞ্জৰ পদক লাভ কৰা ঋষভ নাথ, আৰাধ্যা প্ৰিয়ম, ঋষিকা কুৰ্মী, অধিৰাজ হাজৰিকা, বৰ্ণিল ফুকন, সুদীপ্ত নয়ন বৰাকো অভিনন্দন জনোৱা হয়।

বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমী, বিশ্বনাথ জিলা টাইকোৱাণ্ড সংস্হা আৰু বিশ্বনাথ জিলা জুড সংস্হাৰ উদ্যোগত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, বিশ্বনাথ জিলা জুড সংন্থাৰ সভাপতি আমিৰ খান, চিকিৎসক ডা’ মিতালী গগৈ , বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ ৱালা দেৱী আদিয়ে।