NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 27, 2022 7:58 am
Sivasagar Commerce College

শিৱসাগৰ জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অহা ২৮ জুলাইত এদিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তা সকলে।

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিষ্ঠা দিৱসত পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই।

সমান্তৰালকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ পতাকা উত্তোলন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি নৰেন চেতিয়াই। স্মৃতি তৰ্পন কৰিব সাধাৰণ সম্পাদক চন্দোৎপল বৰাই।

ইয়াৰ পিছতেই মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ স্থায়ী কাৰ্যালয় আৰু ডিজিটেল শ্ৰেণী কোঠাৰ শুভ উদ্ধোধন কৰা হ’ব। উদ্ধোধন কৰিব শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে।

আনহাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সম্প্ৰীতিৰ মেল আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

শিৱসাগৰ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক ২৮ জুলাইত অনুষ্ঠিত হবলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় সন্মিলনীৰ সভাপতি নৰেন চেতিয়া আৰু সাধাৰণ সম্পাদক চন্দোৎপল বৰাই।