NORTHEAST NOW (Assamese)
Popular Stories

চীন-ভাৰতৰ সংঘাতকলৈ ছবি নিৰ্মাণ কৰিব অজয় দেৱগণে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 4:24 pm
Ajay11

ভাৰত-পাকিস্তানত সীমান্তক লৈ ইতিমধ্যে বলীউডত কেবাখনো ছবি নিৰ্মাণ হৈছে।এইবাৰ চীন-ভাৰতৰ মাজত সৃষ্টি হোৱা উত্তেজনাক লৈয়ো ছবি নিৰ্মাণ হ’বলৈ ওলাইছে।

চীন-ভাৰতৰ সমস্যাক লৈ ছবি নিৰ্মাণ কৰিব বলীউডৰ যশস্বী অভিনেতা অজয় দেৱগণে।বলীউডৰ ছবি সমালোচক তৰণ আদৰ্শই এই সন্দৰ্ভত এক টুইট কৰিছে।

টুইটটোত ছবি সমালোচক গৰাকীয়ে কৈছে যে অজয় দেৱগণে লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই অতি বৰ্বৰ ভাৱে ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ ঘটনাটো চেলুলয়েডত বন্দী কৰিব।

চীন-ভাৰত সংঘাতকলৈ নিৰ্মাণ হ’বলগীয়া ছবি খন প্ৰযোজনা কৰিব অজয় দেৱগণে।

অৱশ্যে ছবি খনৰ নাম এতিয়াও থিক কৰা হোৱা নাই বুলি পৰিচালক তৰণ আদৰ্শই কৈছে। ছবি খনত অজয় দেৱগণে নিজে নাম ভূমিকাত অভিনয় কৰিব নে আন কোনোৱাই কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

নাম স্থিৰ নোহোৱা ছবি খনত আন কোন কোন অভিনেতা –অভিনেত্ৰীয়ে অভিনয় কৰিব সেয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বেও অক্ষয় কুমাৰে আন্তৰ্জাতিক সমস্যাক লৈ এয়াৰ লিফট,ৰুষ্টম, বেবী আদি ছবি কৰিছিল।

অক্ষয় কুমাৰক দেখিয়েই অজয় দেৱগণেও একে ধৰণৰ ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে নেকি বুলি এতিয়া বহুতৰে মাজত চৰ্চা হোৱা পৰিলক্ষিত হৈছে।