NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ: ক্ষুৰধাৰ সমালোচনা সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 19, 2022 8:39 pm
Himanta Biswa Sharma accused of deprivation: strongly criticize by Assam Unauthorized Teachers' Employees Association

সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বঞ্চনাৰ অভিযোগ তুলি ক্ষুৰধাৰ সমালোচনা সংস্থাটোৱে।

সংবাদমেলত সংস্থাৰ নেতৃত্বই কয় যে বিজেপি চৰকাৰে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সকলক বিভিন্ন ভুৱা প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহিছিল।

কিন্ত তেতিয়াৰ পৰা আজিলৈকে ছয়টাকৈ বছৰ বাগৰি যোৱাৰ পিছতো অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীক বঞ্চনা কৰি অহা হৈছে বুলি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই অভিযোগ কৰে।

আনহাতে যোৱা চাৰি বছৰে অপ্ৰাদেশীকৃত শিক্ষকসকলে এই সন্দৰ্ভত আলোচনাৰ বাবে সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁ আজি পৰ্যন্ত সাক্ষাৎ নাই কৰা বুলিও অভিযোগ কৰে।

আনফালে মুখ্যমন্ত্ৰীয়ে শিক্ষক সকলক শিক্ষকৰ চাকৰি বাদ দি ব্যবসায় কৰিবলৈ পৰামৰ্শ দি অপমান কৰিছে বুলি অভিযোগ তুলিছে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি গৰাকীয়ে।