NORTHEAST NOW (Assamese)
অসম

বাঙালীসকলহে ত্রিপুৰাৰ মূল বাসিন্দা, জনজাতীয়সকল বিদেশী; দাবী নাগৰিক গোটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2020 8:43 pm
বাঙালীসকলহে ত্রিপুৰাৰ মূল বাসিন্দা, জনজাতীয়সকল বিদেশী; দাবী নাগৰিক গোটৰ

ত্রিপুৰা জনজাতীয়সকল বিদেশী আৰু ইয়াৰ বিপৰীতে বাঙালীসকলহে ৰাজ্যখনৰ মূল বাসিন্দা। এই দাবী উত্তৰ ত্ৰিপুৰাৰ নাগৰিক সুৰক্ষা মঞ্চ নামৰ এটা গোটৰ।

শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত নাগৰিক সুৰক্ষা মঞ্চৰ নেতা দীপটেণ্ডু নাথে কয় যে বাঙালীসকল ত্ৰিপুৰি ৰজাৰ দ্বাৰা শাসিত চক্লা ৰোশ্বানাবাদ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত)ৰাজহ চক্ৰৰ প্ৰজা আছিল সেয়ে তেওঁলোক ‘বিদেশী’ নহয়।

‘ৰজা শাসিত ত্ৰিপুৰাৰ চৰকাৰী ভাষা বেংগলী আছিল আৰু আমি বাঙালীসকলক ত্ৰিপুৰাৰ মূল বাসিন্দা বুলি মানো’ তেওঁ কয়।

নাথে লগতে কয়, ‘আমাৰ দৃঢ় মত জনজাতীয় লোকসকল মংগোলিয়া, চীন আৰু পৃথিৱীৰ আন ঠাইসমূহৰ পৰা আহিছে আৰু তেওঁলোকহে প্ৰকৃততে বিদেশী।‘

বাঙালীসকলৰ লগতে থকা নথিপত্ৰই তেওঁলোক জনজাতিসকলৰ পূৰ্বেই ত্ৰিপুৰালৈ অহাটো প্ৰমান কৰে বুলি নাগৰিক সুৰক্ষা মঞ্চই দাবী কৰে। প্ৰয়োজনত তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ যাবলৈ সাজু বুলি মঞ্চই কয়।

নাগৰিক সুৰক্ষা মঞ্চৰ মতে মিজোৰামৰ পৰা ব্ৰু প্ৰব্ৰজনকাৰীসকল অহা পিছৰে পৰা ত্ৰিপুৰাত বাঙালীসকলৰ বাবে অসুবিধা আৰম্ভ হয়। ব্ৰু প্ৰব্ৰজনকাৰীসকলক মিজোৰামলৈ ঘুৰাই পঠোৱাৰ দাবী জনাই তেওঁ কয়, ‘৬ হাজাৰতকৈ অধিক লোকক নিজ ঘৰৰ পৰাই ব্ৰু প্ৰব্ৰজনকাৰীসকলে উলিয়াই পথাইছে।‘